About Me

My photo
সময়....এটি মৃদু শিহৰণ।যাৰ অন্তৰালত লুকাই থাকে সুখ-দুখৰ অনুভূতিৰে ভৰপুৰ অভিজ্ঞতাৰ পৃষ্ঠা কিছুমান |সুখ-দুখৰ অভিজ্ঞতাৰ টুকুৰা-টুকুৰ অনুভূতিবোৰ সংগত কৰি কেতিয়াবা আকৌ লুটিয়াই চাবলৈ মন যায় অতীতৰ পৃষ্ঠাবোৰ,শৈশৱৰ পৃষ্ঠাবোৰ আৰু বৰ্তমানৰ ৰুক্ষ জীৱনটোৰ জটিলতাবোৰ। সময়ৰ চাকনৈয়াত জীৱনৰ প্ৰত্যেকটি প’ল, প্ৰত্যেকটো ক্ষণ কেনেকৈ পাৰ হৈ যায় আমি যে একো একো উম-ঘামেই নাপাও।এই সময়বোৰ, প’লবোৰ জানো এক অভিজ্ঞতাৰ দুৱাৰডলি নহয়?এয়া জানো এক অসম্পূর্ণ দস্তাবেজ নহয়?যাৰ পৃষ্ঠাৰ সংখ্যা বাঢ়ি থাকিব অবিৰতভাৱে জীৱনৰ শেষ নিশ্বাসকন থকালৈকে কিছুমান সম্পূর্ণ-অসম্পূর্ণ কথাৰ সমাহাৰৰ মাজেৰে....

Wednesday, November 14, 2012

নিষ্পাপ ফুলৰ আলিঙ্গন.....

থিক কোন তাৰিখত আছিল মনত নাই | গন্তব্যস্থান গুৱাহাটীৰ উলুবাৰীৰ "ইস্কন" মন্দিৰৰ গাতে লাগি থকা মাতৃ মন্দিৰ | ভাবিছে চাগে এয়া কোন দেৱ-দেৱীৰ মন্দিৰ?? ভুল ভাবিছে , এয়া কোনো দেৱ-দেৱীৰ মন্দিৰ নহয় | এয়া মন্দিৰ কণ-কণ ল’ৰা ছোৱালীৰ, পিতৃ-মাতৃহাৰা শিশুসকলৰ, এয়া মন্দিৰ কোনো পাপীৰ দ্বাৰা সৃষ্ট নিষ্পাপ কেইটামান শিশুৰ, কেইটামান নিষ্পাপ ফুলৰ শ্ৰদ্ধাণ্জলি||
ধৰিব পাৰিছে নিশ্চয় মই কি ক’ব বিচাৰিছো | মাতৃ মন্দিৰ এক অনাথ আশ্ৰম দুৰ্ভগীয়া শিশুসকলৰ | এটি দুৰ্বিসহ যাত্ৰা হৃদয়ৰ পৰা হৃদয়লৈ | মই আৰু মোৰ ভাল বন্ধু এজন নৱজিত গগৈ (নৱ) ৰাতিপুৱাই প্ৰগাম এটা বনালো কিবা বেলেগ কৰা যাওক বুলি | ভৱামতেই কাম | উলুবাৰী গৈ পাই আপেল ২ কে.জি কিনি ৰাওনা হলো |  লগৰজনে আগতে এদিন আহিছিল ,গতিকে গৈ পাওতে বিশেষ অসুবিধা নহ’ল | মই তাক সুধিলো “তই আগতে কাৰ লগত আহিছিলি?” সি ক’লে “মোৰ প্ৰেয়সীৰ লগত |” মই ক’লো  “ধন্য তুমি প্ৰভু, যিটো সময়ত কিছুমান উশৃংখল যুৱকে প্ৰেমৰ নামত পাৰ্ক, ৰেষ্টুৰাত বহি অবাবত সময়বোৰ কটায়, তই সচাকৈ প্ৰশংসনীয় কাম কৰিছ’ |” সি মিচিকিয়া হাহিৰে ধন্যবাদ জনালে | মাতৃমন্দিৰত সোমোৱাৰ আগতে ৰেজিষ্টাৰ এখনত চহী কৰিব লাগে | আপেলৰ টোপোলাটো তাতে দিয়াৰ পিছত মহিলাকৰ্মী এগৰাকীয়ে আমাক ভিতৰলৈ লৈ গ’ল | ভিতৰত সোমায়েই দেখিলো জন্মৰপৰাই পিতৃ-মাতৃৰ মুখ নেদেখা কেইখনমান নিষ্পাপ মুখ, ২ ৰ পৰা ৮ বছৰীয়া শিশুৰ এখন ৰঙীন পৃথিৱী, যত ৰঙবোৰ সিহতক লগা ধৰণে নিজে সিচি লৈছে | সিহতে আপোনমনে নিজৰ মাজতে খেলিছে | কিছুমানে বল খেলিছে, অইন কিছুমানে এটাই আনটোৰ উপৰত উঠি ঘোৰা-ঘোৰা খেলিছে | সিহতৰ মাজত গৈ কিছুসময় মৌনভাৱে বহি ৰ’লো |এজনৰ মাত আহি কানত পঢ়িল,  “বলটো দিয়া--চোন” | মাতষাৰ শুনি যেন মোৰ সম্বিত ঘূৰি আহিল | মই সুধিলো  “মোৰ লগত খেলিবা ??”  তাই মোৰ দুপিয়ালে || এজনী ৩-৪ বছৰীয়া ছোৱালী || নামটো থিক মনত পৰা নাই “শেৱালী” হ’ব লাগে | তাইৰ লগত খেলা দেখা পাই বাকীবোৰেও আগবাঢ়ি আহিল | “আমাৰ লগতো খেলা না...আমি ও খেলিম.....”| হৈ গ’ল মোৰ ,এজনক বলটো দিব নাপাওতেই আন এজনীয়ে বল দলিয়ায় | সৰ্বমুঠ ১০-১৫ জন শিশুৰ মাজত নিজক ও ৩-৪ বছৰীয়া যেন অনুভৱ হ’ল | কয় নহয় শিশুৰ লগত বন্ধু হোৱাৰে মাত্ৰ দেৰি , তোমাৰ পৰা বন্ধুত্বৰ ভাগ উচুল কৰিহে এৰিব | আগুৱাই আহিল মোৰ নতুন বন্ধু এজন দুখন হাত দাঙি দিলে মানে তাক কোলাত ল’ব লাগে | আই ঐ দেহি বুলি কৈ লব পাইছোহে, আহিল নহয় আৰু দুটা ! “আমাকো লোৱা...” মোৰ কোলাত থকাটোৱে মোৰ ছাৰ্টটোত যিটোহে খামোচ মাৰি ধৰি আছে তেও যে এতিয়াই নানামে সেইটো খাটাং | মই মোৰ লগৰটোক ক’লো “ওই তই লচোন ইয়াৰে এটাক” | সি এটাক ল’লে আৰু মই দুটাক!!! কি ফূৰ্তি সিহতৰ | এটাই মোৰ কান্ধত মূৰ থৈ দিলে..চুমাৰে উপচাই পেলালো,সিহতেও টপক টপক কৈ দুটা চুমা দিলে....মই আৰু ৰব’ নোৱাৰিলো,নিজে নিজে নিগৰি অহা কিছুমান মুহূৰ্ত!!! লাহে লাহে আমাৰ উভতি অহাৰ সময় হৈছে বুলি তাৰেই কৰ্মীজনে ক’লে || এৰা! হয়তো কেনেকৈ তিনিঘন্টা পাৰ হ’ল গমেই নাপালো | সিহতক “টা-টা বাই-বাই” দিলো | তেওলোকেও দিলে | এজনে পেন্টত টানি ক’লে “আকৌ আহিবা হা”!!! এটা দীঘল হুমুনিয়াহ, এটা দুখাৰ্ত মন লৈ উভতি আহিলো | দুয়োটাৰে মুখত মাত নাই | কেতিয়া কাহিলিপাৰাৰ ৰুম আহি পালো গমেই নাপালো || নৱই মৌনতা ভাঙি ক’লে “ ৰ’ ভাল চাকৰি এটা পাব দে, এটা সপোন আছে অনাথ আশ্ৰম এখন খোলাৰ ”| তাৰ ইচ্ছাক মৌনভাৱেই সমৰ্থন জনালো| একো ক’বলৈ শক্তি নাছিল আৰু মোৰ|| সেইসময়ত মই আছিলো এখন বেলেগ পৃথিৱীত, এখন ফুলনিৰ মাজত,কণ কণ ল’ৰাছোৱালীৰ কোলাহ’লৰ মাজত, তেওলোকৰ ফুলকুমলীয়া আঙুলিৰ পৰশৰ মাজত  ||

বি.দ্ৰ : শিশুবোৰৰ নামবোৰ মনত ৰাখিব নোৱাৰিলো || তাৰবাবে ক্ষমাপ্ৰাৰ্থী||