About Me

My photo
সময়....এটি মৃদু শিহৰণ।যাৰ অন্তৰালত লুকাই থাকে সুখ-দুখৰ অনুভূতিৰে ভৰপুৰ অভিজ্ঞতাৰ পৃষ্ঠা কিছুমান |সুখ-দুখৰ অভিজ্ঞতাৰ টুকুৰা-টুকুৰ অনুভূতিবোৰ সংগত কৰি কেতিয়াবা আকৌ লুটিয়াই চাবলৈ মন যায় অতীতৰ পৃষ্ঠাবোৰ,শৈশৱৰ পৃষ্ঠাবোৰ আৰু বৰ্তমানৰ ৰুক্ষ জীৱনটোৰ জটিলতাবোৰ। সময়ৰ চাকনৈয়াত জীৱনৰ প্ৰত্যেকটি প’ল, প্ৰত্যেকটো ক্ষণ কেনেকৈ পাৰ হৈ যায় আমি যে একো একো উম-ঘামেই নাপাও।এই সময়বোৰ, প’লবোৰ জানো এক অভিজ্ঞতাৰ দুৱাৰডলি নহয়?এয়া জানো এক অসম্পূর্ণ দস্তাবেজ নহয়?যাৰ পৃষ্ঠাৰ সংখ্যা বাঢ়ি থাকিব অবিৰতভাৱে জীৱনৰ শেষ নিশ্বাসকন থকালৈকে কিছুমান সম্পূর্ণ-অসম্পূর্ণ কথাৰ সমাহাৰৰ মাজেৰে....

Monday, December 20, 2010

দুই শাৰীৰ অকবিতা

মোৰ কবিতা ছন্দহীন কেইটিমান হুমুনিয়াহ

অৰ্থহীন কেইটামান শব্দৰ খেলিমেলি..


Sunday, October 17, 2010

নিসংগতা



এতিয়া মই আড্ডা মাৰো

নিসংগতাৰ লগত

বেলি কেতিয়া ওলায় আৰু হেঙুলীয়া হয়

খবৰেই নাথাকে অ'!!


কেৱল চলি থাকে নিৰস আড্ডা

এটা এন্ধাৰ কোঠালিত,

কূটিল সময়ৰ উঁই পোকে

কুটিব খোজে স্মৃতিৰ এলবাম

এনেকৈ আৰু কিমান দিন?

কিমান দিন?


.................মনজিত্‍

Wednesday, October 13, 2010

মোৰ ফটোগ্ৰাফী...মোৰ একান্তই ব্যক্তিগত....

সময়বোৰ পাৰ কৰো এনেদৰেই,কেতিয়াবা হয়তো দুই এটা লিখা-মেলা;অথবা কেতিয়াবা পাহাৰে-ভৈয়ামে-নদীয়ে প্রকৃতিৰ সৌন্দৰ্যৰ পিছে পিছে......লগত মোৰ বহুত আপোন সৰু মৰমৰ কেমেৰাটো.....